ডিভাইন কমেডী
ন বছৰীয়া ডাণ্টে এদিন দেউতাকৰ সৈতে ফ্লোৰেন্সৰ সম্ভ্ৰান্ত মানুহ এঘৰলৈ ফুৰিবলৈ গৈছিল । ঘৰখনত উপস্থিত হৈয়েই তেওঁলোকৰ দহ বছৰীয়া জীয়ৰী বিয়েট্ৰিছক দেখি বিস্ময়ত হতবাক হৈ পৰে ডাণ্টে । শয়নে-সপোনে বিয়েট্ৰিছৰ অভিজাত মুখখনে মধুৰ আমনি দি থাকিবলৈ ল'লে তেওঁক । পিছে এই কথা প্ৰকাশ কৰা সম্ভৱ নহয় । বাল্যকালৰপৰা কৈশোৰত, কৈশোৰৰ পৰা যৌৱনত উপনীত হৈয়ো বিয়েট্ৰিছক পাহৰিব পৰা নাছিল ডাণ্টেই । তেওঁ বিয়েট্ৰিছক দেৱকন্যাৰ দৰে জ্ঞান কৰিছিল আৰু অকুণ্ঠ অকৃত্ৰিম শ্ৰদ্ধা জ্ঞাপনৰ মাজতেই লাভ কৰিছিল স্বৰ্গীয় সুখ । কালক্ৰমত ডাণ্টেৰ ওঠৰ বছৰ বয়সত বিয়েট্ৰিছে তেওঁক স্বীকৃতিসূচক অভিবাদন জনায় । অৱশ্যে হৃদয়ত ডাণ্টেৰ প্ৰতি প্ৰেমানুৰাগ থকা স্বত্বেও বিয়েট্ৰিছ বিয়া হ'ব লগা হৈছিল ব্যৱসায়ী এজনলৈহে । বিয়াৰ কিছুদিন পিছতে বিয়েট্ৰিছৰ পিতৃ বিয়োগ ঘটে । এই শোক সহজভাৱে গ্ৰহণ কৰিব পাৰে নাছিল তেওঁ । ইয়াৰ কিছুদিন পিছতে অকস্মাৎ বিয়েট্ৰিছেও ইহলীলা সম্বৰণ কৰে । ডিভাইন কমেডীৰ সৃষ্টি হৈছিল বিয়েট্ৰিছৰ মৃত্যুৰ পিছত । বিয়েট্ৰিছৰ অশৰীৰী আত্মাৰ অমূৰ্ত ৰূপটিক ডাণ্টেই মহৎভাৱে ফুটাই তুলিছে এই বিখ্যাত গ্ৰন্থত । কিতাপখনৰ অনুবাদ মৌচম গগৈৰ ।
'ডিভাইন কমেডী' নিঃসন্দেহে স্বৰ্গীয় অনুভৱৰ অনুপম সৃষ্টি ৷ বিয়েট্ৰিছৰ মৃত্যুয়ে ডাণ্টেৰ দুচকুলৈ যেন অন্ধকাৰহে নমাই আনিলে ! তেওঁৰ মৃত্যুৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পিছতে ডাণ্টেই ঘৰৰ খিৰিকিৰে এগৰাকী নাৰীৰ সৈতে প্ৰায়েই দেখাদেখি হৈছিল ৷ প্ৰথমতে বিৰক্ত হলেও লাহে লাহে সেই নাৰীৰ মাজত ডাণ্টেই বিচাৰি পাইছিল বিয়েট্ৰিছৰ ৰূপ-সৌন্দৰ্য্য ৷ অৱশ্যে এই প্ৰেম আছিল ক্ষণস্থায়ী ৷ ডাণ্টেৰ আত্মাই অহৰহ বিচাৰি ফুৰিছিল বিয়েট্ৰিছৰ সংগ ৷ বাহ্যিক দৃষ্টিত আন নাৰীৰ সংগ উপভোগ কৰিলেও হৃদয়ৰ অতল তলিত তেওঁ হৈ উঠিছিল অস্থিৰ আৰু অতৃপ্ত । বিয়েট্ৰিছ বিহীন পৃথিৱীত নিসংগতা অনুভৱ কৰি তেওঁ কোনো কামতে মন বহুৱাব পৰা নাছিল । পিছলৈ ডাণ্টেহ যোগ দিছিল ৰাজনীতিত ।
ঘৰুৱা হেঁচাত পৰি প্ৰায় তেত্ৰিছ বছৰ বয়সত ডাণ্টেই জেম্মাক বিয়া কৰাইছিল ৷ কালক্রমত চাৰিটি সন্তান জন্মৰ পিছত ৰাজনৈতিক ৰোষত পৰি ডাণ্টেই খাটিব লগা হৈছিল দণ্ড ৷ অৱশেষত ব্যৰ্থতাৰ বোজা বুকুত বান্ধি, সমস্ত ৰাজনৈতিক কাম-কাজৰপৰা নিজকে বিচ্ছিন্ন কৰি ডাণ্টে গুচি যায় স্বেচ্ছাই নিৰ্বাসনলৈ । ডাণ্টেই বিশ্বব্যাপী যি ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ সপোন দেখিছিল, সি আছিল ৰাজনীতিগতভাৱে সাৰ্বিক, আন্তৰ্জাতিক আৰু জণগনৰ সাধাৰণ ইচ্ছাৰ সৈতে সংগতিপূৰ্ণ ৷ নীতিগতভাৱে সি আছিল সাম্যভিত্তিক আৰু আইনগত আৰু ধৰ্মগতভাৱে পৱিত্ৰ ন্যায়বিচাৰৰ নিয়ন্ত্ৰণাধীন ।
ডাণ্টেই এনেকৈ প্ৰায় বিশ বছৰ কাল ঘূৰি ফুৰিছিল ইটালীৰ বিভিন্ন ঠাইত ৷ এইখিনি সময়ৰ ভিতৰতে তেওঁ পঢ়া-শুনা কৰা, শিক্ষকতা কৰা আদি বিভিন্ন কামত জৰিয়তে নিজক ব্যস্ত কৰি ৰাখিছিল ৷ ডাণ্টে আছিল প্ৰকৃততে এজন কবি আৰু দাৰ্শনিক ৷ এইদৰে অস্থিৰ জীৱন যাপন কৰি দিহিঙে-দিপাঙে ঘূৰি অৱশেষত জীৱনৰ মধ্য বয়সত বাট হেৰুৱাই এদিন তেওঁ পথৰ ওপৰতে শুই পৰিছিল । চকু মেলি তেওঁ যিখন জগতৰ মুখামুখি হৈছিল সেইখন পাৰ্থিৱ জগত নাছিল ৷
ইফালে-সিফালে গৈ তেওঁ এটি গিৰিপথৰ সমুখত ৰ'ল । তাতেই ছঁয়াময়া অৱস্থাত তেওঁ দেখা পালে ইতিমধ্যেই মৃত্যু হোৱা গুৰু কবি ভাৰ্জিলক !
মৃত্যুৰ পিছত আত্মাৰ অস্তিত্ব সম্বন্ধে দাৰ্শনিকে আজিকোপতি কোনো ব্যাখ্যা দিব পৰা নাই ৷ ভবা বা বিশ্বাস কৰা হয় ভাল কাম কৰিলে আত্মাৰ বসতি স্বৰ্গত হয় আৰু বেয়া কামৰ ফলত ভোগ কৰিব লগা হয় নৰকৰ অসহনীয় যন্ত্ৰণা য’ত কোনো পোহৰৰ পথ নাই ৷ ডাণ্টেৰ পথ-প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰি কবিবৰ ভাৰ্জিলে তেওঁক গিৰিপথটোৰ ভিতৰলৈ লৈ গ'ল । সেয়া আছিল মৃত্যুৰ সিপাৰৰ এখন জগত । প্ৰথমেই দুয়ো উপস্থিত হ'লগৈ নৰকৰ পূতিগন্ধময় পৰিবেশত ।
নৰক প্ৰদেশত আছিল চৌব্বিশটা বৃত্ত । এটা এটাকৈ নৰকৰ ঢাপবোৰ ভাৰ্জিলে ডাণ্টেক দেখুৱাই গ’ল ৷ এই ঢাপবোৰত তেওঁলোক বহু বিখ্যাত লোকৰ আত্মাৰ সৈতে মুখামুখি হ’ল ৷ নৰকত স্থান পোৱা প্ৰেতাত্মাসকলৰ পাপৰ কাৰণ আৰু সকৰুণ কাহিনীবোৰ কবিগুৰুৰ মুখত শুনি তেওঁ বেদনাত মূৰ্চ্ছিত হৈও পৰিছিল ! কি হৃদয় বিদাৰক এই দৃশ্য ! ভাৰ্জিলে কৈছিল নৰকৰ এই যন্ত্ৰণা পাপকৰ্মৰ গুৰুত্ব অনুসাৰে বিভক্ত কৰা থাকে ৷ নৰক পাৰ হ’ব সকলোৱে নোৱাৰে । যিসকলে পাৰে তেওঁলোক উপস্থিত হ'ব লগা হয় পৰিশুদ্ধি পাহাৰত । পৰিশুদ্ধি পাহাৰ হৈছে অনুশোচনাৰ প্ৰতীক ৷ এনেকৈয়ে পৰিশুদ্ধি পাহাৰৰ ঢাপ পাৰ হোৱাৰ পিছত আলোকোজ্জ্বল স্বৰ্গলোকৰ দুৱাৰমুখত ডাণ্টেই লগ পায় বিয়েট্ৰিছক ৷
স্বৰ্গলোকলৈকে ডাণ্টেক আগবঢ়াই থৈ কবিবৰ ভাৰ্জিল নিঃশব্দে আঁতৰি যায় তেওঁৰ ওচৰৰপৰা ৷ সন্মুখত লেথি নদী । এই পৰিবেশৰ মুখামুখি হৈ ডাণ্টে হতভম্ব হৈ পৰিল । নদীৰ আনটো পাৰত অৰ্থাৎ স্বৰ্গলোকৰ দুৱাৰমুখত ৰৈ আছিল বিয়েট্ৰিছ । বিয়েট্ৰিছে শিৰত পৰিধান কৰিছিল জলফাই পাতৰ মুকুট আৰু সাজ আছিল ৰঙা-সেউজীয়া ৷ তেওঁৰ সৌন্দৰ্য্য আৰু অলৌকিক দৃষ্টি-শৰে ডাণ্টেক কৰি তুলিলে ভীত সন্ত্ৰস্ত ৷ ডাণ্টেই অসহায় অনুভৱ কৰি ইফালে-সিফালে ভাৰ্জিলক বিচাৰিলে ৷ তেনেতে শুনিবলৈ পোৱা গ’ল এক নাৰী কণ্ঠ -
‘মোৰ ফালে চোৱা ডাণ্টে, মই বিয়েট্ৰিছ ৷’
ভয় আৰু লজ্জানত পুত্ৰৰ চাৱনিৰে ডাণ্টেই বিয়েট্ৰিছৰ মুখলৈ চালে ৷ মূহুৰ্ততে দেৱদূতসকলৰ সংগীতৰ সুৰেৰে স্বৰ্গলোক ৰজনজনাই উঠিল ৷ নিয়ন্ত্ৰণৰ বান্ধ চিঙি ডাণ্টেৰ অন্তৰ্বেদনা অশ্ৰু হৈ বৈ পৰিল ৷
এইখিনিতে প্ৰশ্ন হয়, বিয়েট্ৰিছৰ মৃৃৃৃত্যুৰ পিছত আন নাৰীৰ প্ৰেমত পৰি অনৈতিকতাৰ আশ্ৰয় লোৱাৰ পিছতো ডাণ্টে কেনেকৈ উপস্থিত হ’ল স্বৰ্গলোকত ? হয়, এইবিষয়ে দেৱদূতসকলৰ আগত বিয়েট্ৰিছৰ ব্যাখ্যা এনেধৰণৰ - ‘সেই অমংগলজনক পৰিস্থিতিৰপৰা উদ্ধাৰৰ অৰ্থে বহু প্ৰাৰ্থনা কৰাৰ উপৰিও মই সপোনৰ মাধ্যমেৰে ডাণ্টেক অনেক নিৰ্দেশ দান কৰিছিলোঁ ৷ ইতিমধ্যেই তেওঁ অধঃপতনৰ গভীৰলৈ নামি যোৱা হেতুকেহে তেওঁক নৰকৰ মাজেৰে লৈ অনাৰ ব্যৱস্থা কৰিলোঁ ৷’ অৱশ্যে জেম্মাৰ সৈতে হোৱা বৈবাহিক সম্বন্ধৰ কথাক স্বাভাৱিক প্ৰক্রিয়া বুলিয়েই ইয়াত গ্ৰহণ কৰা হৈছে ৷ বিয়েট্ৰিছে ডাণ্টেৰ নাৰীকেন্দ্ৰিক সম্পৰ্ক সন্দৰ্ভত কৈফিয়ত বিচাৰিলে । লেথি নদীৰ আনটো পাৰৰপৰা ডাণ্টেই স্বীকাৰ কৰিলে-
‘ হয়, কথাটো সঁচা ৷’
বিয়েট্ৰিছৰ নৈতিক আক্রমণত ডাণ্টেই উচুপি উচুপি কান্দিবলৈ ধৰিলে । তেওঁ ক'লে -
' তোমাৰ প্ৰেমময় আৰু মংগলময় দৃষ্টি মোৰপৰা আঁতৰ হোৱাৰ লগে লগেই কিছুমান ক্ষণভংগুৰ বস্তুৱে অলীক আনন্দৰ প্ৰতিশ্ৰুতিৰে পাহৰাই পেলাইছিল মোক ৷’
অনুশোচনাৰ দংশনত ডাণ্টে এসময়ত মূিৰ্চ্ছত হৈ পৰিল । বিয়েট্ৰিছে ম্যেটিলডা নামৰ এগৰাকী নাৰীক ডাণ্টেৰ কাষলৈ পঠিয়াই দিলে । তেওঁৰ সহায়ত লেথি নদীৰ পানীত দেহ বিশুদ্ধ কৰি ডাণ্টে উপস্থিত হ'ল স্বৰ্গলোকৰ দুৱাৰমুখত ৷ এই নদীৰ পানী খাই তেওঁ পাহৰি পেলালে পূৰ্বপাপৰ সমস্ত কথা ৷ ইয়াৰ পিছতো সৃষ্টি হ’ল অনেক নাটকীয় কাহিনী ৷ ডাণ্টেৰ মনৰ পৰা লাজ আৰু ভয়ৰ বাধা লাহে লাহে আঁতৰি গ’ল ৷ পলে পলে বিয়েট্ৰিছে দি থকা জ্ঞানৰ যোগেদি ডাণ্টেইও এদিন স্বৰ্গলোকৰ নটা স্তৰ অতিক্রম কৰিবলৈ সমৰ্থ হ’ল ৷ দৰ্শন, ৰাজনীতি, সমাজনীতি আৰু ধৰ্মতত্ত্ব সম্বন্ধে ডাণ্টেই বিয়েট্ৰিছৰ সন্মুখত নিজৰ সমস্ত মত ব্যক্ত কৰিলে ৷ এইদৰেই জিজ্ঞাসাৰ অৱসান ঘটাই মানৱীয় সত্ত্বাৰ উৰ্ধলৈ আৰোহণ কৰি এদিন ডাণ্টেই ঐশ্বৰিক প্ৰেমৰ স্বৰ্গীয় জ্যোতিক প্ৰত্যক্ষ কৰিবলৈ সমৰ্থ হ’ল ৷ অন্তিম পৰ্যায়ত বিয়েট্ৰিছ জগতমাতৃ মেৰীৰ সিংহাসনৰ কাষত উপস্থিত হয়গৈ ৷ বিয়েত্ৰিছৰ অমৰ গৌৰৱময় মহাজীৱন স্বচক্ষে প্ৰতক্ষ কৰাৰ সৌভাগ্য লাভ কৰি ডাণ্টেইও অৰ্জন কৰিলে প্ৰশান্তি আৰু পূণ্য ৷
গ্ৰন্থখন পঢ়ি যাওঁতে মনত খুদুৱাই থকা আন এটা প্ৰশ্ন আছিল জ্ঞান-বুদ্ধিসম্পন্ন, সফল আৰু সাধু পুৰুষ হোৱা স্বত্বেও কবি ভাৰ্জিল কিয় উপস্থিত হ’ব পৰা নাছিল স্বৰ্গলোকত ? তাৰ কাৰণ হিচাপে বৰ্ণনা কৰা হৈছে ঈশ্বৰীয় মহিমাক প্ৰত্যক্ষ কৰিব পৰা ভেদভাৱহীন চেতনা আৰু সাৰ্বজনীন প্ৰেম উপলব্ধিৰ অভাৱৰ বাবেই ভাৰ্জিল বঞ্চিত হৈছিল স্বৰ্গলোকত বসতিৰপৰা ৷ এই কল্পিত কাহিনীৰ জড়িয়তে ডাণ্টেই মানৱ সমাজক দিব বিচাৰিছে সু-শিক্ষা আৰু সৎ জীৱন যাপনৰ বাৰ্তা । কাম, ক্রোধ, লোভ, মোহ, মাৎসৰ্য্য, ঈৰ্ষা, প্ৰতিহিংসা- এই সাতটা পাপৰপৰা মুক্ত হ’ব নোৱাৰিলে স্বৰ্গপ্ৰাপ্তি সম্ভৱ নহয় ৷ জগতৰ সকলো লোকেই পাপ কৰ্মত ব্ৰতী হৈ নাথাকে ৷ বহু লোকে হয়তো পৰিস্থিতিৰ মেৰপাকত পৰি পাপকৰ্ম কৰিলেও পিছমূহুৰ্ততে অনুশোচনাত দগ্ধ হয় ৷ আন এবিধ মানুহে এটাৰ পিছত এটা পাপ কৰি থাকিলেও অনুতাপ নকৰে, বৰং তেওঁলোকৰ পাপ চেতনা ক্রমাৎ তীব্ৰ হৈ গৈহে থাকে ৷ এই শ্ৰেণীৰ লোকে অন্তৰত যি অখণ্ড যন্ত্ৰনা কঢ়িয়াই লৈ ফুৰে তাৰ নামেই দুঃসহ নৰক ৷ অনুশোচনাৰো আছে তিনিটা স্তৰ- স্বীকৃতি, সন্তাপ আৰু সংশোধন ৷ আধ্যাত্মিকতাৰ এই স্তৰবোৰ এটা এটাকৈ অতিক্রম কৰি স্থিৰ আৰু প্ৰেমময় মানসিক স্তৰ এটাত উপনীত হোৱাই হ’ল স্বৰ্গলোকৰ অৰ্থ ৷ সেয়েহে সাতশ বছৰ পুৰণি হ'লেও ইটালীত ডাণ্টেৰ ' ডিভাইন কমেডী'ক বিশাল মহাকাব্যৰ আখ্যা দিয়া হয় । পুৰুষ আৰু নাৰীৰ পাৰস্পৰিক প্ৰেমৰ মাধ্যমেৰে বৰ্ণিত কাহিনী যদিও প্ৰকৃততে দেহাতীত, ইন্দ্ৰিয়াতীত, কামগন্ধহীন প্ৰেমৰ উপলব্ধিকহে মূল বিষয়বস্তু হিচাপে গ্ৰন্থখনিত উপস্থাপন কৰা হৈছে ।
মীনাক্ষী বৰুৱা,
আজাৰা ৷
No comments:
Post a Comment