Friday, 22 January 2016

ৰঞ্জুমণি মহন্ত


তুমি কেনে আছা

( কবিঃ ৰঞ্জুমণি মহন্ত ) কেনে আছা ...?
কেনে আছা তুমি ...?
আজি বহুদিন হল
তোমাৰ খবৰ নৰখা,
কথাটো নাছিল এনে হোৱাৰ ...
তেতিয়াটো তোমাৰ কোনো কথাই
অজানা নাছিল মোৰ বাবে
ভাল লগা আৰু বেয়া লগা ।

জীৱনৰ ৰংবোৰ
তুমি যেতিয়া হেৰুৱাই পেলাইছিলা,
মই ৰঙেৰে উপচাই দিব খুজিছিলো তোমাক
তুমি যেতিয়া হাঁহি হেৰুৱাই পেলাইছিলা
মই হাঁহিৰে সজাব খুজিছিলো তোমাক ।
ডগমগীয়া তোমাৰ সেওঁতা
যেতিয়া উকা হৈ পৰিছিল
মই পুনৰ ৰঙাব খুজিছিলো ।

কথা আছিল আমি দুয়ো
একেলগে বাট বোলাৰ
আৰু নিবিচৰাকৈয়ে
এদিন আমাৰ যাত্ৰা পথ
বেলেগ হৈছিল

তাৰপিছত-

তাৰপিছত আৰু সোধাই নহল কোনো দিন
তুমি কেনে আছা
ভালপোৱা নে এতিয়াও জোনাক ?
প্ৰিয় নে এতিয়াও তোমাৰ
কিনকিন বৰষুণ ?
একোৱেই সোধা নহল।

আৰু আজি -
এই বিয়লি বেলাত ৰৈ
বাৰে বাৰে তোমালৈ মনত পৰিছে
এৰা ! খবৰেই ৰখা নহল তোমাৰ
তুমি কেনে আছা বাৰু ?
ভালে আছানে ?

Tuesday, 19 January 2016

বাস্তৱজ্যোতি গগৈ


দুখ আৰু শূন্যতা

দুখঃ- কিযে দুটি আখৰে গঠিত এক শিহৰণ তোলা শব্দ । এই শব্দটোৰ পৰা পৃথিৱীৰ কোনো মানুহে বঞ্চিত নহয় নেকি বাৰু ? মাথোঁ মোৰহে দুখ আছে নেকি বাৰু ? অনবৰতে মোৰ পিছে পিছে ,, আগে আগে সংৰক্ষিত এলেকাৰ দৰে কাঁটা তাঁৰে আৱৰি আছে । মই ইমান চেষ্টা কৰো দুখৰ পৰা পলাই থাকো বুলি কিন্তু কিয় মোৰ লগ নেৰে বুজিব নাপাওঁ । মোক অনবৰতে শত্ৰু দৰে আক্ৰমণ কৰে , সাপে ভেকুলী গিলাৰ দৰে দুখবোৰে গিলি পেলাই ,, এতিয়া যেন মই শিক্ষকৰ একান্ত বাধ্য ছাত্ৰৰ দৰে দুখৰ বাধ্য হৈ পৰিছো ।

গাধয়ে যেনেকৈ বোজা কঢ়িয়াই ফুৰে মইও সেইদৰে বুকুত এসোপা যন্ত্ৰণাৰ বীজ কঢ়িয়াই ফুৰিছো । মোৰ ঠুনুকা হৃদয় খনি ভাগি চূৰ্ণ বিচূৰ্ণ হৈছে ,, মৰোৰ বালিৰ দৰে জীৱন হৈছে , তথাপিও দুখবোৰ বেয়া নালাগে ,, মোৰ হৃদয়ত যিমানেই বেদনা বীজ সিচিব পাৰে ,, হৃদয় জ্বলাব পাৰে ,, উজাগৰে কটোৱাব পাৰে সিমানেই দুখৰ আনন্দ হাঁহি ফুটি । মই যে দুখক গিলি গিলি নীলকন্ঠি হৈ পৰিছো , এক বুজাব নোৱাৰা অসহ্য যন্ত্ৰণা হৃদয়ত ....

এই দুখৰ বীজ কিমান দিনলৈ সহ্য কৰিম ।কত ঋতু , কত দিন , কত বছৰ পৰা হৈ গৈছে , কোনোৱে নাই মোৰ কাষত আজি , মোক প্ৰেৰণা উৎসাহ দিবলৈ , দুখৰ দিনবোৰত সাৰ নামানিবা বুলি কবলৈ । মোৰ জীৱন শূন্যতা , সেই শূন্যতাক তোমাৰ বাহিৰে আনে কোনেও কেতিয়াও স্পর্শ কৰিব নোৱাৰে ।

সুখ মানুহে বিচাৰিলেই নাপায় ,, দুখকো খেদি দিব পৰা নাযায় ,, সুখ মাটিৰ তলত পোৱা ধন নহয় খান্দি লৈ আনিবলৈ ,, দুখক চৰাই দৰে উৰুৱাই দিবও নোৱাৰা ,, দিন ৰাতি দৰে আমাৰ জীৱনলৈ সুখ দুখ আহি থাকে আৰু গৈ থাকে , তথাপিও সকলোৱে বিচাৰে অকণমান আশাৰ ৰেঙণি , মইও বিচাৰো কিন্তু নাই ,, মই মাথোঁ হেৰাই গৈছো জীৱনৰ বুকুত দুখৰ ঢৌ হৈ । কিয় বাৰু এনে হয় , দুখ বোৰে মোৰ জীৱনত যিমানে গভীৰৰ পৰা গভীৰতালৈ প্ৰবেশ কৰিছে সিমানেই মোৰ হৃদয়ত এটা বিৰাট আকাৰৰ শূণ্য হৈ পৰিছে । কিযে যন্ত্ৰণা ... দুখৰ লগতে এটা বিৰাট শূণ্য.......!

কিয় বাৰু এনে হয়, ডায়েৰী পাতটো দুখেৰে সৰ্জিত, পূৱাৰ সুৰুযে আনে দুখৰ বতৰা , আচলতে ভুল মোৰ নেকি ? কিয় বাৰু মই বুজি নাপাওঁ প্ৰকৃত জন্মৰ অৰ্থ , কি বিচাৰো মই , কি পোৱা নাই ? কিহলৈ পৰিণত হৈছো ? নাজানোঁ, একো নাজানোঁ, মাথোঁ দুখেৰে ভৰা, মাথোঁ হৃদয়ত আছে দুখ আৰু শূন্যতা ....।

বাস্তৱজ্যোতি গগৈ
যোৰহাট , খনামুখ
07040954841

Friday, 8 January 2016

বিনু ফুকন

নাৰী আৰু শালীনতা

নাৰী শব্দটোৱেই বৰ মোহনীয় |সেয়েহে নাৰীক এপাহ ফুলৰ লগত তুলনা কৰা হয় |ফুলৰ কোমলতা ,ফুলৰ সৌন্দৰ্য্যতা ,ফুলৰ মনোমোহা ৰং ,ফুলৰ বংশ বৃদ্ধিৰ গুণ সকলো খিনি নাৰী শব্দৰ লগত সন্নিবিষ্ট |ফুলে যেনেকৈ নানা ৰঙৰ সফুঁৰা মেলি এখন বাগিছা শুৱনি কৰি দৃষ্টিনন্দন কৰি তোলে ,থিক তেনেকৈ পৃথিৱীৰ প্ৰতি খন ঘৰ নাৰীয়েহে জাতিষ্কাৰ কৰে |

নাৰী বলিষ্ঠ শক্তিৰ অধিকাৰী |সেয়েহে নাৰীক এগৰাকী দেৱীৰ লগত তুলনা কৰে |নাৰীয়ে এখন সুস্থ সমাজ গঠন কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে |নেত্ৰী ৰূপে ,মাতৃ ৰূপে, জীয়াৰী ৰূপে ,বিভিন্ন পদক্ষেপ লৈ সমাজলৈ অৰিহণা যোগাই সমাজ শৃঙ্খলিত কৰিব পাৰে |সেয়েহে সম্ৰাট নেপোলিয়ানে কৈছিল …..মোক এগৰাকী মাতৃ দিয়া ,মই এটা জাতি দিম |মহাত্মা গান্ধী ,স্বামী বিবেকান্দ আদি মহান ব্যক্তি সকলেও নাৰীৰ বিষয়ে যুগমীয়া মন্তব্য্ আগবঢ়াই থৈ গৈছে |

শালীনতা নাৰীৰ বিভূষণ |শালীনতাই নাৰী গৰাকীক প্ৰকাশ কৰে |নাৰীৰ ৰূপ ,ব্যক্তিত্ব ,মনোবৃত্তি ইত্যাদি |গতিকে প্ৰ্ৰত্যক গৰাকী নাৰীয়েই আচাৰ ব্যৱহাৰ ,কথা বতৰা, আচৰণ ,সাজ পোছাক সকলোতেই শালীনতা বজাই ৰখা উচিত |সাজ পোছাক সমাজ আৰু্ সুবিধা অনুসৰি যিয়েই নিপিন্ধক লাগে পোছাক যোৰ মাৰ্জিত হোৱা উচিত |আপচু সাজ পোছাক পৰিধানে সমাজত বিৰূ্প প্ৰতিক্ৰিয়া সৃষ্টি কৰে |গতিকেই শালীনতা বজাই ৰখাটো নাৰীৰ অতি প্ৰয়োজন বুলি ভাবো |

Thursday, 7 January 2016

মিনাক্ষী মেচ


স্বাগতম্ নৱবৰ্ষ

তুমি আঁহা বক্ষ ভৰাই
ব্ৰহ্মাণ্ডৰ সমস্ত প্ৰজ্ঞাৰ সফুঁৰা লৈ
প্ৰতিটো ঋতুক কৰি তুলিবা সুন্দৰ সৃষ্টিৰ প্ৰতিশ্ৰুতিপ্ৰৱল
তুমি আঁহা সেউজী পাখি মেলা নয়নাভিৰাম সুশোভিত অপাৰ সেউজীয়া হৈ
বিহগীৰ হৃদয় জুৰোৱা মধুৰ কাকলি হৈ
শিশুৰ সৰগীয় কলকলনি হৈ
অমাত জীৱৰ ভাৰসাম্যতাৰ বোধশক্তি হৈ
নন্দনকাননৰ পুষ্পৰাশিৰ সুগন্ধি আবিড় লৈ
জান-জুৰি-নদ-নদীৰ দৰেই শীতল স্বচ্ছতা স্বকীয়তাৰ স্বোতস্বীনি হৈ
মহাসাগৰৰ গভীৰ গাম্ভীৰ্য্য লৈ
স্বাগতম্ নৱবৰ্ষ তুমি আঁহা
মানুহক মানুহ কৰি তোলা
মানৱীয় বিপুল সম্ভাৰ লৈ

কবিঃ মিনাক্ষী মেচ,(শিৱসাগৰ।)

Comments system