Thursday, 11 May 2023

পোহৰতকৈ এন্ধাৰ ভাল

 লেখক - হেম বৰুৱা


পোহৰতকৈ এন্ধাৰ ভাল
হেম বৰুৱা
সময়ৰ বলুকাৰাশিত পদচিহ্ন ৰখাৰ
উন্মাদ বাসনা আমাৰ নাই । আমি
বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফছিল্।
হেৰা শকুন্তলা, তোমাৰ চকুৰ শেৱালি পাহিত
দুষ্মন্তৰ চুমাৰ চেকা। কোৰিয়াত জৰাসন্ধৰ কঙ্কাল
এছিয়াৰ আকাশত আগুৰি শগুণৰ জাক !
আমি জীয়াই আছো যুগৰ সীমান্তত
প্ৰাচীন নাৱিকৰ জকা। কালিদাস তুমি কোন
অলকাৰ পলাতক কবি? ডাৱৰ দেখি উন্মাদ?
তোমাৰ কাব্য-বেদীত আমাৰ জীৱন-অৰ্চ্চনা
সৰি পৰা মদাৰৰ ফুল ! (….গুৰুতো নেলাগে,
গোসাইতো নালাগে,থাক তলে ভৰি সৰি…)
ৰজাই ৰজাই ৰণ-বিগ্ৰহ, তীখাৰ আস্ফালন। আমি খাণ্ডৱ-দাহ
অগ্নি-শিখাৰ পুৰি ছাই হোৱা বিৰিণাৰ ফুলঃ আমাৰ
পিৰামিড্ হিৰোশ্বিমা,নাগাছাকি।
হেৰা শকুন্তলা তোমাৰ আঙুলিৰ অগ্নি-কণাৰে নুমাই দিয়া
ৰাজকাৰেঙৰ শলিতাৰ জুই । দুষ্মন্তৰ ভাগক স্বপ্ন।
পোহৰতকৈ এন্ধাৰ ভাল।
জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰৰ সেতুৰ বান্ধ।
শঙ্কা কিহৰ?
নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই।
আমাৰ চকুত তীখাৰ শাণ।

প্ৰিয়তমাৰ চিঠি

হেমচন্দ্ৰ গোস্বামী



সৌন্দৰ্য্যৰ বুকুত কাঁচলি উদঙ্গাই

প্ৰকৃতিৰ চোঁ-ঘৰ চালোঁ পিত্ পিত্;


কুকুৰঠেঙ্গীয়া এই আখৰকিটিত

যি অমিয়া ঘহাঁ আছে, ক'তো আৰু নাই ।

কবি-নিকুঞ্জত ফুলি কত কবিতাই

মলয়াত উটি উটি ফুৰে পৃথিৱীত,

তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,

কবিতাৰ কাব্যে তাৰ গোন্ধকে নাপায় ।

ফুল ফুলে, সৰি যায়, শুকান বননি,

বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে;

তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,

নিতৌ নোহোৱা বাহী, ন ন ফুল মেলে ।

যত শুঙো, চুমা খাওঁ, নালাগে আমনি,

হৃদয়ত হেপাহৰ ভোটাতৰা জ্বলে ।

Wednesday, 10 May 2023

দিল্লী হনুজ দূৰ অস্ত্

নৱকান্ত বৰুৱাৰ


দিল্লীৰ সন্ধান চলে কালে কালে, সভ্যতাৰ
উত্থানে পতনে। তথাপি অধৰা সেই
আত্মা নগৰীৰ। দিল্লী বহু দূৰ!

অন্ধকাৰ ইন্দ্ৰপ্ৰস্থ।
পাণ্ডৱৰ শেষ যাত্ৰা আজি সমুদ্যত
কুৰুক্ষেত্র প্রান্তৰত কাল-বৃক্ষ-অঙ্কুৰ উদ্‌গত।
জীর্ণতাৰ অভিশাপ লেখা হয় ৰক্ত আখৰেৰে—
আহে শক আহে হূণ দুঃস্বপ্নৰ দৰে,
বুৰঞ্জীৰ গতিপথ সৰীসৃপ-কুটিল নিষ্ঠুৰ
ইন্দ্রপ্রস্থ ধ্বংস হয়। দিল্লী ক’ত? দিল্লী বহু দূৰ!

মচি যায় ৰক্তলিপি। ক’লা পৰে বুৰঞ্জীৰ পাত
আকৌ পাঠান আহে, আহিল মোগল আৰু
তাতাৰৰ দল। দিল্লীৰ সন্ধান চলে।
ৰক্ত দুর্গ উঠে জাগি।
গান্ধাৰ পাৰস্য আৰু হিন্দুস্থান এই ত্রিধাৰাৰ
নগৰ উঠিল গজি। (কুৰুক্ষেত্ৰ কঁপি উঠে
কঁপে তাৰ বিষবৃক্ষ পুলক-চঞ্চল!)
দিল্লী ক’ত? দিল্লী বহু দূৰ।

বণিক ইংৰাজ আহে। এই মহাভাৰতৰ
আঁহে আঁহে জটিল গ্রন্থিৰ পাক
মৃত্যু আৰু ক্লিষ্ট জীৱিকাৰ!
ৰাজ্য আৰু বাণিজ্যৰ প্ৰয়াগ তীৰ্থত
গঢ়ি উঠে কুবেৰৰ মাণিক ভাণ্ডাৰ।
দিল্লী ক’ত? দিল্লী বহু দূৰ!

কালজটায়ুৰ পাখি ছিন্ন ভিন্ন কৰাৰ আশ্বাস
কালজয়ী অশোকৰ সুদৰ্শন।
দিল্লী যে তথাপি দূৰ। দিল্লী আৰু ইতিহাস
দুয়োৰে আত্মাই
দুদিন ধেমালি কৰি হাঁহি হাঁহি গুচি যায়
পৰি থাকে ভগ্নস্তুপ মৃতকল্প নগৰীৰ
আৰু থাকে মানুহৰ তেজৰ স্বাক্ষৰ।
দিল্লী?… বহু দূৰ।

***

দিল্লীৰ সন্ধান চলে। কালে কালে সভ্যতাৰ
উত্থান-পতনে। তথাপি অধৰা সেই
আত্মা নগৰীৰ। দিল্লী যে আজিও দূৰ।
দিল্লী?…“দূৰ অস্ত্‌”।

Swimming fish

Comments system