মোৰবীণা
অম্বিকাগিৰি ৰায়চোধুৰী || ১৮৮৫-১৯৬৭
মোৰ
চেনেহী সাদৰী বীণা,
আজি
শাৰদ সুৱদি দিনা
তোৰ অন্ধ আতুৰ
দৃষ্টি
খুলি ঢাল আজি
ত্ৰিভুৱন ৰাজি
সঙ্গীত-সুধা বৃষ্টি
|
শীতল শুদ্ধ সুৰৰ সিন্ধু
সাঁতুৰি নাদুৰি দুলাই তুলি
মলিন বিশ্ব পখালি শৰীৰ
মোহিনী ৰূপত উঠক ফুলি
|
সৌৱা সুনীল সিপাৰে
বহি
কতনো যাতনা সহি
মোৰ বিৰহ-ব্যথিত
প্ৰিয়া
গান গাই গাই
মোৰে বাট চাই
কৰিছে আকুল হিয়া
|
যা-যা-তই লৰালৰি
কৰি মোৰো গানকিটি বুকুত
লই
তাৰ সুৰে স’তে
গলা-গলি কৰি গাগৈ
ৰাগিণী একেটি হই |
কগৈ বাতৰি মোৰ
আজি পৰিছে সকলো
ওৰ;
মোৰ সৰস হিয়াৰ
তলি
বিৰহৰ হান
খাই থান-বান
উঠিছে বেথাত জ্বলি;-
এই সময়ত আহি যদি
তেওঁ সাদৰি আদৰি চুমাটি
খায়,
জলাকলা হোৱা হূদয়ৰ মোৰ
তেহে যদি আৰু যাতনা
যায় |
আহিব আহিব বুলি
ৰাখিছোঁ দুৱাৰ খুলি
মোৰ হিয়া ভাঙা
ৰঙা ৰেণু
বিৰহত পৰি
চাটি-ফুটি কৰি
আছ ৰাই বেথা-বেণু
|
আহিলেই তাৰে বুকুত সাবটি
ৰাজিম মোহিনী দুখনী গাল
সেই ৰূপ চাই শত
জনমৰ যাতনা খেদাই জিনিম
কাল |
তুমিৰপৰা
তুমি লাজৰ ৰাঙলী আভা
গাভৰুৰ
গোলাপী গালত;
তুমি শান্তিৰ জিৰণিখিনি
চেনেহীৰ
বাহুৰ তলত |
তুমি চুমাৰে উপচি উঠা
লাহৰীৰ
ৰঙচুৱা ওঁঠ;
তুমি চুমাৰে ৰাঙলী চৰা
প্ৰেমেৰে
আল্পুত মনোৰথ |
তুমি সুৱদি কটাক্ষ এটি
সুম্দৰীৰ
পদুমী চকুত;
তুমি অমিয়-মাধুৰি সনা
মুখখনি
সুন্দৰ নিখুঁত |
তুমি মনে মনে উঠি
অহা
চেনেহীত
চুমাৰ হেঁপাহ;
তুমি প্ৰেমিকাৰ নিৰাশত
প্ৰেমিকৰ
অন্তৰৰ দাহ |
তুমি ৰসৰ প্ৰতিমাখনি
সুন্দৰীৰ
ৰসাল বুকুত;
তুমি মিচিকিয়া হাঁহিখিনি
প্ৰেমিকাৰ
মধুৰ মুখত |
তুমি উগুল-থগুল হোৱা
বিলাসৰ
গাভৰু এজনী;
তুমি আৱেগেৰে ভৰ-পূৰ
বিৰহীৰ
বুকুৰ কঁপনি |
তুমি বিলাসী বিচাৰি ফুৰা
বিলাসিনী
বিয়াকুল হই,
তুমি খোজে পতি সুন্দৰীৰ
সৌন্দৰ্য্যৰ
সোঁত পৰা বই!
তুমি দূৰণিৰ প্ৰেমিকৰ
হেঁপাহৰ
ব্যগ্ৰ হিযাখনি
তুমি বিৰহিণী-অন্তৰত
মিলনৰ
বলিয়া কঁপনি |
তুমি মিলনৰ প্ৰথমতে
লাজুকীৰ
কঁপি উঠা বুক;
তুমি সুন্দৰীয়ে সুন্দৰত
মিলনৰ
তৃপ্তিহীন সুখ |
তুমি নিতম্বিনী সাদৰীৰ
নিতম্ব-চুম্বিত চুলিকোঁচা,
দেখুৱাই
অন্তৰত
অতৃপ্তিৰ
মহাচিত্ৰ ৰচা |
তুমি প্ৰেমেৰে উঠলি উঠা
সোণালী
বুকুত ৰসধাৰ;
তুমি প্ৰেমিকাৰ অধৰত
ৰাখি
দিছা মহাভোগ কাৰ?
তুমি ৰাঙলী ওঁঠেদি অহা
মিঠা
মিঠা মধুৰ হাঁহিটি;
তুমি শুই থকা সুন্দৰীৰ
চকুটিৰ
অলস পাহিটি |
তুমি মুকুতা টোপাল এটি
প্ৰেমিকাৰ
বিচ্ছেদী চকুত;
তুমি প্ৰেমৰ মদিৰা সানি
গঢ়ি
উঠা সুন্দৰ নিখুঁত |
তুমি মোলান দুডালি বাহু
ধুই
দিয়া সোণালী সোঁতেৰে |
তুমি শীতল পৰশ এটি
এৰি
দিয়া হেঙুলী হাতেৰে |
তুমি জোনালী আঙুলিকিটি
ৰূপহীৰ
সোণালী হাতত;
তুমি প্ৰাণৰ মিলন-ৰস
ঢালি
দিয়া প্ৰেম-কটাক্ষত |
তুমি ডেকাৰ প্ৰাণত থকা
গুপুত
হেঁপাহ বুজি পাই
মিলন-বলিয়া বুকু
এৰি
দিয়া ওচৰ চপাই |
তুমি প্ৰেমিকৰ চুমা পাই
ৰোহ
পতা আদৰীৰ গাল;
তুমি সেন্দুৰৰ ফোঁট পিন্ধা
সাদৰীৰ
সাঁজলী কপাল |
তুমি প্ৰেমৰ ধেমালি খেলি
উজাগৰ
খপা চকুটিত
চঞ্চলতা
সানি মোক
নিচুকোৱা
কল্পনা-পাটীত?
তুমি সুগহীন ৰজনীত
প্ৰেমিকৰ
মধুৰ সাক্ষাত;
তুমি বিলাসত বুৰি পৰি
মাতি
অনা শান্তিৰ প্ৰভাত |
তুমি শুকুলা এখনি গাল
সানি
দিয়া উষালী ৰহণ;
তুমি কিশোৰী, ষোড়শী বালা
আলেঙে
ইঙ্গিত দিয়া মন |
তুমি পলাশী ওঁঠৰপৰা
আথে-বেথে বাগৰি বাগৰি
পমি যোৱা কথাখিনি
প্ৰেমিকৰ
অন্তৰত পৰি |
তুমি আধা খহা ৰিহাখনি
সুন্দৰীৰ
উঠঙা বুকুত,
তুমি প্ৰেমিকক সঁপি দিয়া
প্ৰাণখনি
প্ৰাণৰ সুখত
তুমি গোলাপী গালত শোভা
শাৰী
শাৰী মুকুতাৰ ঘাম
বিয়াকুল
কৰি মোক
সুষমা
ঢালিছা অবিৰাম |
তুমি চঞ্চল এযুৰি চকু
আলিঙ্গন
বিচাৰি বিচাৰি;
তুমি গভীৰ ধ্যানত বহি
পমি
যোৱা প্ৰেমৰ পূজাৰী!
তুমি টিপতে সৰকি পৰি
সপোনৰ
প্ৰেম-কুঞ্জখিনি;
লয়-লাসে নামি আহি
বুকুত
সাবটি ধৰাজনী |
তুমি আকুল প্ৰেমিকজন
প্ৰেমিকাক
আঁকোৱালি ধৰা;
লাজত
পমাই তুলি
গালখনি
গুলপীয়া কৰা |
তুমি দাপোণ আগত লই
চাই
চাই আপোন মাধুৰী,
মিচিকি
মিচিকি হাঁহি
মুগ্ধ
হোৱা ৰূপহী লাহৰী |
তুমি মিলনতে মজি পৰা
ক’লা ক’লা
ভুৰুৰ টিঙত
মদনৰ
শৰ হানি
প্ৰেম-তৃষ্ণা জগোৱা প্ৰাণত
|
তুমি বসন্তৰ চুমা পাই
বিলাসিনী
ষোল-বছৰীয়া;
আউলী-বাউলী হোৱা
মিলনত
হই মতলীয়া |
তুমি হিয়াত সামৰি লই
কাৰ
এনে উদভ্ৰান্ত হেঁপাহ
সুন্দৰীৰ
ত্ৰিৱলিত
সাজি
আছা সৌন্দৰ্য্যৰ বাহ?
তুমি নিটোল নিতম্বযুৰি
খোজে
পতি উঠা কঁপি কঁপি,
তুমি সুখেৰে নিমগ্ন তাত
মিলনৰ
মন্ত্ৰ জপি জপি |
তুমি কেৰাহি কটাক্ষ এটি
চেনেহীৰ
চকুৰ চুকত;
তুমি চুমাৰ হেঁপাহ এটি
ভৰ-পূৰ জোনালী বুকুত
|
তুমি প্ৰেমেৰে ভৰাই ৰাখি
সুন্দৰৰ
ক’লা চকুযুৰি
জলাকলা
কৰি কিয়
এইদৰে
মাৰা মোক পুৰি?
তুমি কিয়নো লুকাই থাকি
সাদৰীৰ
ভুৰুৰ মাজত
অতৃপিতি
উদগোৱা
মোৰ
প্ৰেম-দগ্ধ হূদয়ত?
তুমি কিহেৰে ভৰাই ৰাখি
সুন্দৰীৰ
সুন্দৰ নাসিকা,
লাহেকে
বোৱাই দিয়া
চুমা
এটি দিবৰ বেলিকা?
তুমি বিমল মেখলা ফালি
বই
পৰা ৰূপহীৰ ৰূপ;
তুমি হেমালী উৰুত বহি
সাজি
থকা সৌন্দৰ্য্যৰ কূপ |
তুমি
বোৱাই হেমেজুধাৰ
লাহৰীৰ
লৱনু গালেৰে
সৰজি
সুষমা কিয়
বান্ধা
মোক বিৰহ-ডোলেৰে?
ৰাতিটোৰ
ভিতৰেদি
ভাবি
ভাবি ভাগৰি ভাগৰি,
তুমি কল্পনাত খেলা মোৰ
প্ৰেম-খেলা বাগৰি বাগৰি
|
তুমি জুনুক-জানাক খোজে
কাষত
কলসী লই আহি,
এটিপতে
অন্তৰত
উদগোৱা
অতৃপ্তিৰ বাঁহী |
তুমি চুচুক-চামাককই
সুবিমল
ৰিহাৰ আঁৰত
কাৰনো
মু’খনি আহা,
থই
দিছা পমাই কিহত?
তুমি ওৰণি আঁৰত কৰি
মিচিকিয়া
মিঠা মুখখনি
প্ৰেমিকৰ
গাত ঢালি
এৰি
দিয়া ৰসাল চাৱনি |
তুমি তৃপ্তিৰ কটাক্ষ এটি
চাই
লোৱা সুৱদি ছেগত;
তুমি লৱনু দুখনি ভৰি
খোজ
কঢ়া সুমন্দ বেগত |
তুমি মিলনৰ কথা শুনি
টলমল
নতুন কিশোৰী;
তুমি লাজেৰে দুখনি গাল
ৰঙা
কৰি মাৰা মোক পুৰি
|
মই বিপ্লৱী, মই তাণ্ডৱী
মই কাল-বিজয়ী বিপ্লৱী,
মই কাল-বিনাশী তাণ্ডৱী;
আজি বিপ্লৱ তোলোঁ
ক’ত?
মই তাণ্ডৱ তোলোঁ
ক’ত?
সৃষ্টিৰ স্নায়ূ ধুনাধুন কৰি
উতলি উঠিছে বিপ্লৱ মোৰ
উতলি উঠিছে বিপ্লৱ,
ব্ৰহ্মাণ্ডৰ মেৰু প্ৰকম্পি দাপিছে
দাৰুণ তাণ্ডৱ মোৰ
দাপিছে দাৰুণ তাণ্ডৱ
|
নভো-মহানীল চিৰাচিৰ কৰি,
প্ৰলয়-ভঙ্গী উঠে তাৰ
চৰি,
স্বৰ্গ-মৰ্ত্ত্য-ৰসাতল ৰেখা
মোহাৰি মুচৰি কৰি
দিলে একাকাৰ;
ক্ষিত্যপ-তেজ-মৰুত-ব্যোমৰ
নোহোৱা কৰিলে চিন-চাপ পাৰাপাৰ,
কি পৰিণামেৰে ক্লান্তিত পৰি ক’ত
বা হয় সি ক্ষান্ত!
নাপাওঁ বিচাৰি পাত্ৰ-আধাৰ
য’ত কৰোঁ তাক
শান্ত ||
সৌৱা
বিলাসালসৰ ক্লেদী পৰশত
জীৱন-দীপ্ত কৰ্ম্মোল্লাসী পুলকোত্সৰ
ছন্দ পৰিছে ভাগি,
আত্মানন্দী সেৱা-হৰষত
গ্লানিৰ জটিল বেদনা জমিছে
মত্ত খকৰ
বজ্ৰ-আঁচোৰ লাগি,-
তাতে তোলোঁনেকি তাণ্ডৱ মোৰ,
তাতে তোলোঁনেকি বিপ্লৱ?
আৰুচোন
সৌৱা!
কুহকী ৰূপৰ কূট মাধুৰীয়ে
পৱিত্ৰতাৰ আজলী শিশুক উজটি
খুৱাই কৰে
কেনে লটিঘটি,
প্ৰৱঞ্চনাৰ ধূৰ্ত্ত ফাকিয়ে
উৰ্দ্ধগামিনী প্ৰগতি-গতিক মাৰঘাত
মাৰি
কৰি দিয়ে অধোগতি;
তাতে তোলোঁনেকি বিপ্লৱ মোৰ, তাতে
তোলোঁনেকি তাণ্ডৱ?
আৰু সেইফালে
কয়, লিখে এক ,কৰে-ধৰে আন,
লুটি-পুটি গায় শান্তিৰ
গান,
দুৰ্ম্মদ য্ত অনীতি আচৰি
তুলিকা বুলাই
দেখুৱায় মহাকবি,
ভিতৰত পুহি দুষ্ট পিশাচ
বাহিৰত আঁকে
মোহিনী কলাৰ ছবি;
তাতে তোলোঁনেকি তাণ্ডৱ মোৰ,
তাতে তোলোঁনেকি বিপ্লৱ?
সৌৱাচোন
আৰু
পদ-মৰ্য্যাদা-ক্ষমতাৰ খকে
মানৱীয়তাকে গিলে ডিঙিলৈকে,
আত্মাৰ
ক্ষুধা ভৰিৰে মোহাৰি
যৌন ক্ষুধাৰ পিশাচী
ৰাপত মত্ত,-
কৰ্ত্তব্যৰ গেড়ি তল কৰি
বলিয়া
চিঞৰি কেৱল দাবীৰ স্বত্ব;
তাতেনেকি মোৰ তোলোঁ তাণ্ডৱ
বিপ্লৱ তোলোঁ মোৰ?
কোনফালে চাই কোনফালে লৰোঁ
কোনটিকে এৰি কোনটিক ধৰোঁ?
এটাক ধৰিলে আনফালে
পুনু
ক্ষিপ্ত-দাপোৰে উদ্ভেদ উঠি
আহে;
মোৰ
লৰা-ঢপৰাৰ দুৰ্গতি চাই
বিদ্ৰূপ-বাণ হানি সকলোৱে
হাঁহে |
আৰু দেখোঁচোন!
প্ৰগতি, শিল্প-কলাৰ আঁৰত
লুকাই লালসা ভৰা সাগৰত
কামনা-দানৱে ধুমুহা তুলিছে
উগাৰি তীব্ৰ তেজাল
ক্লেদৰ ঢউ,
হাঁহিছে
বিকট কল্মষ সানি
কৰি বিষাক্ত জীৱন-মাধুৰি-মউ |
তাতে তোলোঁনেকি তাণ্ডৱ মোৰ, তাতে
তোলোঁনেকি বিপ্লৱ?
ইকি!
মোতেচোন দেখোঁ সকলোবিলাকে,
উঠিছে, পৰিছে, খেলি জাকে
জাকে!
বাহিৰত
কিয় পৰিছে দৃষ্টি?
ভিতৰত দেখোঁ স্বৰ্গ-নৰক মোৰ |
সৃষ্টি,
স্থিতি, প্ৰলয়, বিনাশ,
নিজতেই দেখোঁ ঘটিছে
সকলোবোৰ?
নিজক এৰি দি কিয়
তেনেহ’লে,
আনলৈ চাই অভিযোগ চলে?
জনে
জনে হ’লে ক্লেদাপসৰণ,
গোটেই জগত হ’ব সুবিমল শুদ্ধ,
উতলা ৰোষেৰে আনল’কে
চাই
নৰ’ব কাৰণ
মৰিবলৈ হৈ ক্ৰুদ্ধ |
তোল তেনেহলে তোল তাণ্ডৱ ,
বিৰাট বিপুল মহা বিপ্লৱ;
প্ৰথমে নিজৰ অহং-সিন্ধু
মন্থন কতি, নাৰকী কলুষ-ক্লেদ
ধ্বংসি, বিনাশি, তোল জীৱনত পুণ্য-লৱনু কৰি
অহামিকা ছেদ |
তাৰ লগে লগে সীমা-অসীমৰ সংযোজনাৰ সাফটো
গচকি খচি,
নিৰ্ম্মল কৰি সৃষ্টি-কলাক
কলুষিত কৰি নৰক
যি আছে পচি
|
গীত
জাগ জাগ জাগ ভাৰত-সন্তান হিন্দু মুছলমান জাগ |
মুক্তি-শঙ্খ বাজে গাজে
ভেদি
লক্ষ
ভ্ৰাতাৰ হিয়াৰ তেজেদি
ৰঞ্জিত হোৱা জালিৱানাবাগ
|
জাগ হূদয়-বিহীন দানৱ-বজ্ৰ পদ-মৰ্দ্দিত
নৰ-নাৰী,
জাগ আবাল-বৃদ্ধ-বনিতা
গোলামী ঘৃণ্য হেৰ জীৱন-ভাৰী
জাগ সুখী, দুখী, শোকী,
ৰোগী, ভোগী, যোগী,
সুভগা নাইবা হীনভাগা
|
জাগ তিনি শতাব্দী পিটি
খচি থোৱা
জাতীয় আত্ম-অভিমান,
জাগ সত্য-দ্বাপৰ-ত্ৰেতা-মুখৰিত মৃত-সঞ্জীৱনী
সাম-গান
জাগ কাৰবালা-ভূমি কুৰুক্ষেত্ৰৰ ৰাম-ৰাৱণৰ ইতিহাস,
জাগ শুক, বশিষ্ঠ, বিশ্বামিত্ৰ,
বাল্মীকি, মনু, বেদব্যাস,
জাগ বৰাহ, মিহিৰ, খনা,
লীলাৱতী, কালিদাস, ভৱভূতি, মাঘ |
জাগ যমুনাৰ বালি ধুই
ৰূপা কৰা শুভ্ৰ শাৰদী
জোনাকী,
জাগ প্ৰেম-আপ্লুতা গোপিকাৰ
স’তে মধু মুৰুলীৰ
চিনাকী |
জাগ পাঞ্চজন্য-গভীৰ-নিনাদ, সুদৰ্শনৰ
বিজুলী-শিখ,
জাগ জাগৰণ-গীত ঝঙ্কৃত
কৰি স্বৰ্গ-মৰ্ত্ত্য সকলো
দিশ,
জাগ হৰিনাম-ৰসে বিশ্ব-বুৰোৱা নাৰদী বীণাৰ
ৰাগিণী-ৰাগ |
জাগ স্থিৰ-প্ৰতিজ্ঞ কঠোৰ
ব্ৰহ্মচাৰী ভীষ্মৰ ৰিপু-দমন,
জাগ বুদ্ধদেৱৰ, মহম্মদৰ সত্যৰ হকে জীৱন-পণ |
জাগ ভাগৱত, গীতা, বেদ,
কোৰাণৰ আত্মাবিনাশী তত্ত্ব-গীত
জাগ ভাৰতবাসীৰ হূদয়ে হূদয়ে মহান
শক্তি জগতজিত,
জাগ স্বদেশ স্বজাতি ৰক্ষাৰ
হকে দধীচি মুনিৰ তনু-ত্যাগ |
জাগ সপ্ত সিন্ধু শুহোৱা
গণ্ডুষতে অগস্ত্য ঋষি মহান,
জাগ সত্যাগ্ৰহী সাধু মনসুৰ, সুধীৰ
প্ৰহ্লাদ ভগৱান |
জাগ কালকূটে বিষ জাৰি পানী
কৰা দেৱসৱৰ অমোঘ বল,
জাগ পান কৰি পাপী-তাপী ত্ৰাণ হোৱা
চিৰপৱিত্ৰ গঙ্গাজল,
জাগ হাতৰ মুঠিত হৰিক
লুকুৱা সাধন, ভজন, যজ্ঞ-যাগ |
দুভাই হিন্দু মুছলমানৰ
একপ্ৰাণতাত গাঁথিবলৈ
জাগ কবীৰ, নানক, সিদ্ধ
সাধুৰ শিক্ষা-দীক্ষা মূৰ্ত্ত
হৈ
জাগ সকলো বিৰোধ, বিঘিনি,
বিপদ নাশ
কৰি দিয়া ধৰ্ম্ম-জ্ঞান,
জাগ মাতৃ-চৰণ-পূজাৰ
বলিত লক্ষ পুত্ৰৰ জীৱন-দান,
জাগ ভাৰত-মাতাৰ গৌৰৱ-ৰবি গুচাই সকলো
কালিমা-দাগ |
No comments:
Post a Comment