Tuesday, 4 August 2020

অভিমান

আপোনাৰ ওচৰত অভিমানৰ কোনো সীমা নাই
পুৱা, দুপৰীয়া, নিশা মোৰ চিন্তাত মাথো আপুনি
সেয়াও মোৰ অভিমান
আপোনাক লৈয়ে যে কিমান সপোন দেখো
আপোনাক লৈয়ে যে কিমান সপোন ৰচো
সেয়াও মোৰ অভিমানী মনৰ অভিমান
আপোনাকে যে সকলোতকৈ অন্য অনুভবেৰে অনুভব কৰো
যি ভাবৰ মাজত সম্পৰ্কৰ কোনো সম্বন্ধ নাই


যি নামৰ মাজত মাথো ভালপোৱা আছে, স্নেহ আছে, আছে আৰু আদৰ
সেয়াও মোৰে অভিমানী চিন্তাৰ ফচল


মা, ভনী, বাইদেউ বা প্ৰেয়সী
আপোনাক কোনো সম্পৰ্কৰে চাব নোৱাৰো


সম্পৰ্কৰ বাহিৰেও এটা সম্পৰ্ক হয়, যাৰ কোনো পৰিচিত ৰূপ নাথাকে,
আকাৰ নাথাকে, আয়তন নাথাকে
থাকে মাথো অনুভৱ কৰাৰ দৰে মাথো ভালপোৱা
থাকে কাষত নাথাকিও থকাৰ যি আশ্বাস
এনেকুৱা এক নামহীন সম্পৰ্কৰে মই আপোনাক বিচাৰি পাওঁ।


কেতিয়াবা আপোনাৰ প্ৰতি থকা অভিমানৰ সীমা পাৰ হৈ যায়


লাজত ৰঙচঙীয়া দুখন গাল
সেই সীমা মই ধৰি ৰাখিব নোৱাৰ


সেয়াই হয়তো আপোনাৰ সৈতে মোৰ সম্পৰ্ক।

কেতিয়াবা যেতিয়া আপোনাৰ প্ৰতি মোৰ নিষ্ঠা
সকলোৰে সমান ৰূপ নলয়
কেতিয়াবা, যেতিয়া মই নিজে ভাবিবলৈ আৰম্ভ কৰো এয়া মই কি কৰিছো


সকলোৰে সম্মুখত নিজকে তুলি ধৰিছো, খুলি ধৰিছো
মোৰ কি সচাকৈ একো নাইনে?
তাৰিপছতো নিজৰ অজানিতে সেই একেতাই ভাব মোৰ-
নিজকে তুলি ধৰিছো, খুলি ধৰিছো
সেয়াই মোৰ প্ৰেম আপোনাৰ প্ৰতি।
সেয়া হয়তো অকল দুটা শৰীৰ সম্বন্ধ নহয়,
সেয়া সম্পৰ্ক হৃদয়ৰ আপোনাৰ সৈতে।
প্ৰেম, প্ৰেমতো সকলোৰে সৈতে নহয়,
আপোনাৰ সৈতে মাথো পৰিচয়হীন হৃদয়ৰ অনুভৱ
অনামী প্ৰেম ।



শ্ৰী তপন চন্দ্ৰ তালুকদাৰ
৮৬৩৮৫৬১১২৫

Comments system