Friday, 8 July 2016

সাগৰ দেখিছা ?

সাগৰ দেখিছা ?

                                                    দেৱকান্ত বৰুৱা

সাগৰ দেখিছা? দেখা নাই কেতিয়াও? ময়ো দেখা নাই,
শুনিছোঁ তথাপি,
নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা আছে দূৰ
দিগন্ত বিয়াপি ।
মোৰ ই অন্তৰ খনি সাগৰৰ দৰে নীলা, বেদনাৰে –
দেখা নাই তুমি ?
উঠিছে মৰিছে য’ত বাসনাৰ লক্ষ ঢউ তোমাৰেই
স্মৃতি – সীমা চুমি ।
শুনা নাই? মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ
উতলা সঙ্গীত ?
বুজা নাই? অনুভৱো কৰা নাই ফুলনিত বসন্তৰ
কোমল ইঙ্গিত?
দেখিছাতো ৰামধেনু? বাৰিষাৰ ডাৱৰত পোহৰৰ
মোহন গৌৰৱ;
প্ৰেমৰ পোহৰ-দীপ্ত মোৰ হিয়া আকাশত দেখিছানে
ৰঙৰ উছৱ ?
মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ
হিয়া ভগা মাত?
ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ
বুকুৰ সম্বাদ!
মই জানো, তুমি কিটো জানা, হেৰা মোৰ হিয়াহীনা প্ৰিয়া!
তুমি জানা মাথোঁ
তুমি তুমি, মই মই| তুমিতো নাজানা-হায়, কিয় বাৰু
কিয় আমি গাথোঁ
জঁই পৰা মালতীৰে জয়ৰ গৌৰৱ মালা? মিলনৰ
কাৰেঙ সোনালী
সাজোঁ কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি? হৃদয়ৰ
ৰঙা তেজ ঢালি
প্ৰতিমাৰ পখালোঁ চৰণ কিয়? তুমি নুবুজিবা সখি!
কিনো বেদনাত
ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ
বিফল সন্ধ্যাত!
সন্ধিয়া আহিছে নামি? থক হেৰা নেলাগে জ্বলাব চাকি;
দুটি নয়নৰ
সহজ প্ৰভাৰে আজি নাশিবা তিমিৰ তুমি অন্ধকাৰ
মোৰ জগতৰ।

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি


                                                 ড. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি?
তুমি সাৰে আছা, সাৰে আছো আমি
আৰু সাৰে আছে প্ৰীতি।
বিহুৰ তলীত চিফুং বাঁহীৰ কৰুণ সুৰ;
বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে।
জনতাৰ চকু চকুৰ পানীৰে পূৰ।
মাজনিশা কোনে ৰাজআলিয়েদি আক্ষেপ কৰি যায়,
'বিষ্ণুৰাভা নাই।'
নিজান চেলত তুমি সাৰে আছা
সাৰে আছে ক্ৰুৰ ইটাৰ দেৱাল
বন্দী তোমাৰ কন্ঠৰ সুৰ
নাচোনৰ লয়লাস।
তুমি সাৰে আছা, সাৰে আছে আৰু
জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি।
বিষ্ণুৰাভা এতিয়া কিমান ৰাতি?
বিহু পথাৰত ৰৈ আছো আমি
ৰৈ আছে এয়া মনোৰমা সখী
ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি
হেজাৰ জনৰ অবিৰাম ফুৰুলি
সকলোৰে মুখ প্ৰশ্নমুখৰ আজি ই বিহুৰ ৰাতি,
'কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হ'ব?
বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব?'
প্ৰাণহীন আজি গীত-মাত-সুৰ
প্ৰাণহীন বিহুতলী
বন্দী শিল্পীৰ বেদনাত জাগে
ৰঙা জীৱনৰ উন্মাদনা
সঁচা আবেগৰ ৰোল।
মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে,
'কল্লোল বন্ধু, জীৱনৰ কল্লোল।
ডাচ কেপিটেল এঘাৰ পৃষ্ঠা বাকী।'
মাজনিশা কোন ত্ৰিনয়নে পঢ়ে
'পোহৰ পোহৰ উদয়াচলত ৰবি।
নৱ জীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰ'ল সাক্ষী।'
বিষ্ণুৰাভা আকৌ তুলিকা লোৱা
ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি
যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান
অখ্যাতজনৰ আশা আবেগৰ বোল।
ইটাৰ দেৱালত জিলিকি উঠিছে ডাচ কেপিটেলৰ সপোন।
শেষনিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়
'অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাইতাল ৰঙা'
তুমি সাৰে আছা, আৰু সাৰে আছে
তোমাৰ তুলিকা জীৱনৰ চিৰসখী
তুমি য'ত আছা সৰু কাৰাগাৰ
থিয় একোখনি ইটাৰ দেৱাল,
আমি য'ত আছো বৰ পোতাশাল
শত নাগপাশে বন্ধা।
তোমাৰে আমাৰে বিহু সম্মিলন হ'বলৈ বেলি নাই।
হিয়া হালধিৰে দেহ মন ধুই
আমি গোট খাম নৱ জীৱনৰ পুৱা।
বিষ্ণুৰাভা সৌৱা ঘূৰণীয়া বেলি
ৰঙা মুখ ফুটে সঁচা আবেগত
মুক্তিৰ কঁপনি।
শেষনিশা সেয়া অখ্যাতজনৰ সমদল সমাগত
সমস্বৰ ফুটে, 'পোহৰ, পোহৰ,
উদয়াচলত ৰবি।'

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি


                                                 ড. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি?
তুমি সাৰে আছা, সাৰে আছো আমি
আৰু সাৰে আছে প্ৰীতি।
বিহুৰ তলীত চিফুং বাঁহীৰ কৰুণ সুৰ;
বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে।
জনতাৰ চকু চকুৰ পানীৰে পূৰ।
মাজনিশা কোনে ৰাজআলিয়েদি আক্ষেপ কৰি যায়,
'বিষ্ণুৰাভা নাই।'
নিজান চেলত তুমি সাৰে আছা
সাৰে আছে ক্ৰুৰ ইটাৰ দেৱাল
বন্দী তোমাৰ কন্ঠৰ সুৰ
নাচোনৰ লয়লাস।
তুমি সাৰে আছা, সাৰে আছে আৰু
জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি।
বিষ্ণুৰাভা এতিয়া কিমান ৰাতি?
বিহু পথাৰত ৰৈ আছো আমি
ৰৈ আছে এয়া মনোৰমা সখী
ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি
হেজাৰ জনৰ অবিৰাম ফুৰুলি
সকলোৰে মুখ প্ৰশ্নমুখৰ আজি ই বিহুৰ ৰাতি,
'কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হ'ব?
বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব?'
প্ৰাণহীন আজি গীত-মাত-সুৰ
প্ৰাণহীন বিহুতলী
বন্দী শিল্পীৰ বেদনাত জাগে
ৰঙা জীৱনৰ উন্মাদনা
সঁচা আবেগৰ ৰোল।
মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে,
'কল্লোল বন্ধু, জীৱনৰ কল্লোল।
ডাচ কেপিটেল এঘাৰ পৃষ্ঠা বাকী।'
মাজনিশা কোন ত্ৰিনয়নে পঢ়ে
'পোহৰ পোহৰ উদয়াচলত ৰবি।
নৱ জীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰ'ল সাক্ষী।'
বিষ্ণুৰাভা আকৌ তুলিকা লোৱা
ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি
যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান
অখ্যাতজনৰ আশা আবেগৰ বোল।
ইটাৰ দেৱালত জিলিকি উঠিছে ডাচ কেপিটেলৰ সপোন।
শেষনিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়
'অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাইতাল ৰঙা'
তুমি সাৰে আছা, আৰু সাৰে আছে
তোমাৰ তুলিকা জীৱনৰ চিৰসখী
তুমি য'ত আছা সৰু কাৰাগাৰ
থিয় একোখনি ইটাৰ দেৱাল,
আমি য'ত আছো বৰ পোতাশাল
শত নাগপাশে বন্ধা।
তোমাৰে আমাৰে বিহু সম্মিলন হ'বলৈ বেলি নাই।
হিয়া হালধিৰে দেহ মন ধুই
আমি গোট খাম নৱ জীৱনৰ পুৱা।
বিষ্ণুৰাভা সৌৱা ঘূৰণীয়া বেলি
ৰঙা মুখ ফুটে সঁচা আবেগত
মুক্তিৰ কঁপনি।
শেষনিশা সেয়া অখ্যাতজনৰ সমদল সমাগত
সমস্বৰ ফুটে, 'পোহৰ, পোহৰ,
উদয়াচলত ৰবি।'

Comments system