উপাসনা বৰা



সেন্দুৰ


মোৰ শিৰৰ সেন্দুৰখিনি আঠ বছৰে
পুৱাৰ বেলিটো হৈ
জিলিকি আছিল আপোনাৰ বাবে


কিন্তু আজি
আপুনি মোৰ শিৰৰ সেন্দুৰখিনি মচি
স্বামী থাকি বিধৱা সজালে মোক!


এবছৰেই হ'ল
পোনাটিক নেদেখা
এই এবছৰ যেন এটা যুগ!


আপুনি ক’লেই কি হতে পাহৰো তাক
কিমান দিন তাৰ বাবে দলং পাৰ হোৱা নাছিলোঁ
বেণী গুঠা নাছিলোঁ, ভোক থাকিলেও উদৰপুৰি খোৱা নাছিলোঁ
ৰাতি ৰাতি শুৱা নাছিলোঁ


কিদৰে পাহৰি গ’ল আপুনি
অগ্নিক সাক্ষী কৰি দিয়া প্ৰতিশ্ৰুতিবোৰ
অলপো কুণ্ঠাবোধ নকৰিলে! কাঠগঢ়াত
আছাৰি আছাৰি আমাৰ সম্পৰ্কৰ সূতাডাল চিঙিবলে?


ভুল নুবুজিব
মহাপ্ৰলয়ত সকলো শেষ হৈ গলেও
মোৰ বুকুত সদায় থাকিব
আপোনাৰ আৰু পোনাটিৰ বাবে ভালপোৱা।

উপাসনা বৰা ।
বালিপৰা ( শোণিতপুৰ )

No comments:

Post a Comment