উপাসনা বৰা
poems
May 17, 2016
0 Comments
এজাক প্ৰেমৰ বৰষুণ
সুমথিৰা বেলিটোৱে
লুকা-ভাকু খেলি থকা সময়টোতে
এটা ফোন ক'ল আহিছিল
সেই সময়ত আকাশত ডাৱৰে
মুখ ওন্দোলাই আছিল
অলপ পাছতেই এজাক অপ্ৰত্যাশিত বৰষুণ আহিছিল
বৰষুণ জাকক দেখি আকৌ এবাৰ
নতুনকৈ প্ৰেমত পৰিব মন গৈছিল
বিষাদৰ ৰাগিত মাতাল হৈ থকা
মনটোক বৰষুণ জাকত ধুই দিবলৈ !!
কিমান দিন যে হ'ল
বৰষুণত নিতিতা
কৃষ্ণচূড়াৰ সুবাস নোলোৱা অথবা
সাগৰৰ পাৰত নবহা !!
আজি মোৰ বুকুত এটোপাল
দুটোপাল,বহু টোপাল
বৰষুণ সৰিছিল মোৰ বুকুত
বৰষুণ জাকে মোৰ উৱলি যোৱা
মনটোক ন-কইনাৰ দৰে
ধুৱাই দিলে
এটা সপোনে পোখা মেলিছিল
মোৰ সেমেকা হৃদয়ত !!
