"চেনেহী চিঁয়াহী" হৈছে এটা অসমীয়া ব্লগ..। য’ত অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ লগতে অসমীয়া ভাষাক বিশ্বমুখী কৰাৰ এক প্ৰচেষ্টা...। সকলো ন-পুৰণি লেখক-লেখিকাৰ লিখনি সমূহ (গল্প, অণু গল্প, কবিতা, অনুবাদমুলক গল্প / কবিতা ইত্যাদি) প্ৰকাশ কৰা হব...। লগতে লিখনি সমূহ অসমীয়া লিপিত লিখি senehisiyahi@gmail.com , tapanchandra999@gmail.com ত পঠাব পাৰিব.....। সকলোৰে সহযোগিতা আমাৰ কাম্য....। ধন্যবাদ....।
Pages
▼
অসমীয়া নিউজ পেপাৰ সমূহৰ লিংক
▼
বেঙ্গলী নিউজ পেপাৰৰ লিংক
▼
অসমৰ হিন্দী নিউজ পেপাৰ সমূহ
▼
অসমৰ ইংৰাজী নিউজ পেপাৰ সমূহৰ লিংক
▼
Tuesday, 14 March 2023
মৰহা ফুলৰ সুবাস
স্মৃতিৰ শুকান পাতখিলা আজি
সজীৱ পাত হৈ গগণ ভেদিছে,
মৰহা ফুল পাহে আকৌ
প্ৰেমৰ সুবাস বিলাইছে,
সমস্ত বিষাদবোৰ আজি
সুখলৈ পৰিৱৰ্তিত হৈছে,
চকুৰ টোপালবোৰ আজি
মুখত হাঁহি হৈ বিৰিঙিছে,
ইমানদিনে নিস্তব্ধ হৈ থকা
হৃদয়ৰ পক্ষীটিয়েও প্ৰেমৰ
মলয়াত মতলীয়া হৈ
পৰাণৰ গীত জুৰিছে,
ইমানদিনে বন্ধ হৈ থকা
হৃদয়ৰ দুৱাৰখনেও প্ৰণাম জনাইছে ।
তুমি আহিলা বাবেই মোৰ
জীৱনে ন ৰূপ পালে
সদায় থাকিবা হৃদয়ত তুমি
আকৌ মৰহিব নিদিবা
প্ৰেমৰ কলিটি
ৰিম্পী ভঁৰাল
No comments:
Post a Comment