Pages

অসমীয়া নিউজ পেপাৰ সমূহৰ লিংক

বেঙ্গলী নিউজ পেপাৰৰ লিংক

অসমৰ হিন্দী নিউজ পেপাৰ সমূহ

অসমৰ ইংৰাজী নিউজ পেপাৰ সমূহৰ লিংক

Tuesday, 14 March 2023

মৰহা ফুলৰ সুবাস

স্মৃতিৰ শুকান পাতখিলা আজি সজীৱ পাত হৈ গগণ ভেদিছে, মৰহা ফুল পাহে আকৌ প্ৰেমৰ সুবাস বিলাইছে, সমস্ত বিষাদবোৰ আজি সুখলৈ পৰিৱৰ্তিত হৈছে, চকুৰ টোপালবোৰ আজি মুখত হাঁহি হৈ বিৰিঙিছে, ইমানদিনে নিস্তব্ধ হৈ থকা হৃদয়ৰ পক্ষীটিয়েও প্ৰেমৰ মলয়াত মতলীয়া হৈ পৰাণৰ গীত জুৰিছে, ইমানদিনে বন্ধ হৈ থকা হৃদয়ৰ দুৱাৰখনেও প্ৰণাম জনাইছে । তুমি আহিলা বাবেই মোৰ জীৱনে ন ৰূপ পালে সদায় থাকিবা হৃদয়ত তুমি আকৌ মৰহিব নিদিবা প্ৰেমৰ কলিটি ৰিম্পী ভঁৰাল