Pages

অসমীয়া নিউজ পেপাৰ সমূহৰ লিংক

বেঙ্গলী নিউজ পেপাৰৰ লিংক

অসমৰ হিন্দী নিউজ পেপাৰ সমূহ

অসমৰ ইংৰাজী নিউজ পেপাৰ সমূহৰ লিংক

Monday, 21 December 2015

মানস জ্যোতি

প্ৰেম‬


কবিঃ মানস জ্যোতি
পাহাৰৰ চূড়াত থকা বেলিটো?
তাৰ পৰাই নামি আহিছে নদীখন?

নামনি পোৱলৈ ঠিকেই আছিল
অসূৰ্যস্পৰ্শা মাছবোৰ ভোকাতুৰ নাছিল
খৰস্ৰোতা পানীৰে উমলিও
স্থিতপ্ৰজ্ঞ আছিল
নদীৰ বুকুৰ শিল

সমতলত নদীখনে প্ৰেম সলালে
মাছৰ লোভ জগাই তুলিব পৰাকৈ
নদীখন গাভৰু হৈ আহিল

গাভৰুৱে জানো কেতিয়াবা বান্ধোন মানে?
গাভৰুকালৰ দোষতে
শেষ হ'ব পাৰে সমস্ত পোহৰ
সমতলৰ পথো হ'ব পাৰে ৰহস্যময়ী

সকলো শেষ হৈও থাকি যায় প্ৰেম

তথাপিও নদীৰে প্ৰেম নাৱৰীয়াৰ যুগান্তকাৰী
মাছুৱৈৰ মাছেৰে...

No comments:

Post a Comment